শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত এইবাৰ দীপাৱলী উদযাপনক লৈ ৰাজ্যৰ একাংশ সংগঠনে বাধা আৰোপ কৰাত বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত জড়িত লোকসকলৰ ব্যৱসায়ত অনিশ্চয়তাই দেখা দিছে। এনে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ আদৰ্শৰে থলুৱা লোকৰ উদ্যোগটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ আহ্বান জনোৱাত উদ্যোগীসকলে সন্তোষ প্রকাশ কৰিছে। এই সন্দৰ্ভত বৰপেটা আতচবাজী উদ্যোগৰ সভাপতি গোপজিৎ পাঠকে কয় যে অকালতে হেৰাই যোৱা শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁলোকে এইবাৰ শব্দবিহীন আতচবাজী প্ৰস্তুত কৰিছে।
Assamese | October 13, 2025 7:46 PM | Aakashbani | Akashvani Guwahati | CMO Assam | Dipawali | Himanta Biswa Sarma
ৰাইজক আতচবাজী সংগ্ৰহ কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনোৱাত উদ্যোগীসকলৰ সন্তোষ প্রকাশ