প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে মহাত্মা ফুলে প্ৰকৃতাৰ্থত এগৰাকী মানৱতাৰ সেৱক আছিল বুলি উল্লেখ কৰি কয়, যে তেওঁ সমাজৰ শোষিত-নিষ্পেষিত জনসাধাৰণৰ কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। দেশৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানে প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে।
Assamese | April 11, 2025 6:26 PM | Akashvani News | narendra modi | PMO Modi
সমাজ সংস্কাৰক মহাত্মা ফুলেৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধা নিবেদন