সমগ্র দেশত ভাৰত ত্যাগ আন্দোলনৰ ৮৪ সংখ্যক বার্ষিকী উদযাপন

সমগ্র দেশত আজি ভাৰত ত্যাগ আন্দোলনৰ ৮৪ সংখ্যক বার্ষিকী উদযাপন কৰা হৈছে। আজিৰ দিনটো আগষ্ট ক্রান্তি দিন বুলিও জনা যায়। ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটিৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰে।

আন্দোলনৰ সৈতে সংগতি ৰাখি ‘কৰক অথবা মৰক’ আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত ভাষণ প্রদান কৰে আৰু ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ কৰিব লাগে আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনায়।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত ত্যাগ আন্দোলনত অংশ লোৱা স্বাধীনতা সংগ্রামীসকললৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত কয়, যে মহাত্মা গান্ধীৰ ‘কৰক অথবা মৰক’ আহ্বানৰ দ্বাৰা অনুপ্রাণিত হৈ এই সংগ্ৰামীসকলে দেশবাসীক স্বাধীনতা সংগ্ৰামৰ বাবে ঐক্যবদ্ধ কৰিছিল।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ অদম্য সাহস, ত্যাগ আৰু দেশপ্রেমে প্রজন্ম প্রজন্ম ধৰি দেশবাসীক উদ্বুদ্ধ কৰি যাব।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয়, যে মহান স্বাধীনতা সংগ্রামীসকলৰ সাহস, প্ৰতিগৰাকী ভাৰতীয় নাগৰিকসকলৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব। তেওঁ কয়, যে মহাত্মা গান্ধীৰ ভাৰত ত্যাগৰ আহ্বানে স্বাধীনতা সংগ্ৰামৰ নতুন গতি প্রদান কৰিছিল।

এই আন্দোলনে ঔপনিবেশিক শাসনৰ পৰা মুক্তিৰ বাবে ভাৰতীয় জনসাধাৰণে দেখুওৱা অভূতপূর্ব দৃঢ়তাক প্রতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে।