August 9, 2026 7:31 PM

views 22

অসমৰ বিভিন্ন প্ৰান্তত আন্তজার্তিক খিলঞ্জীয়া দিৱস পালন

অসমৰ বিভিন্ন প্ৰান্তত আজি আন্তজার্তিক খিলঞ্জীয়া দিৱস পালন কৰা হৈছে। অসম সংযুক্ত জনজাতীয় সংস্থা আৰু সদৌ বড়ো প্রাক্তন স্বেচ্চাসেৱক বাহিনী সংস্থাই কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ চহৰৰ মাজেৰে এটা শোভাযাত্রা উলিওৱা হয়। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ৰাজ্যৰ প্ৰতিটো থলুৱা সম্প্রদায়লৈ এই দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য থলুৱা সম্প্রদায়সমূহত নিহিত হৈ আছে।

August 9, 2026 12:37 PM

views 29

সমগ্র দেশত ভাৰত ত্যাগ আন্দোলনৰ ৮৪ সংখ্যক বার্ষিকী উদযাপন

সমগ্র দেশত আজি ভাৰত ত্যাগ আন্দোলনৰ ৮৪ সংখ্যক বার্ষিকী উদযাপন কৰা হৈছে। আজিৰ দিনটো আগষ্ট ক্রান্তি দিন বুলিও জনা যায়। ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটিৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ সৈতে সংগতি ৰাখি 'কৰক অথবা মৰক' আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত ভাষণ প্রদান কৰে আৰু ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ কৰিব লাগে আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনায়। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত...