অসমৰ বিভিন্ন প্ৰান্তত আজি আন্তজার্তিক খিলঞ্জীয়া দিৱস পালন কৰা হৈছে। অসম সংযুক্ত জনজাতীয় সংস্থা আৰু সদৌ বড়ো প্রাক্তন স্বেচ্চাসেৱক বাহিনী সংস্থাই কোকৰাঝাৰত বিভিন্ন কাৰ্যসূচীৰে এই দিৱস পালন কৰে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ চহৰৰ মাজেৰে এটা শোভাযাত্রা উলিওৱা হয়।
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ৰাজ্যৰ প্ৰতিটো থলুৱা সম্প্রদায়লৈ এই দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয়, যে ৰাজ্যৰ পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্য থলুৱা সম্প্রদায়সমূহত নিহিত হৈ আছে।