August 9, 2026 12:37 PM

views 29

সমগ্র দেশত ভাৰত ত্যাগ আন্দোলনৰ ৮৪ সংখ্যক বার্ষিকী উদযাপন

সমগ্র দেশত আজি ভাৰত ত্যাগ আন্দোলনৰ ৮৪ সংখ্যক বার্ষিকী উদযাপন কৰা হৈছে। আজিৰ দিনটো আগষ্ট ক্রান্তি দিন বুলিও জনা যায়। ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইত অনুষ্ঠিত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটিৰ বৈঠকৰ অন্তত মহাত্মা গান্ধীয়ে এই আন্দোলন আৰম্ভ কৰে। আন্দোলনৰ সৈতে সংগতি ৰাখি 'কৰক অথবা মৰক' আহ্বান জনাই মহাত্মা গান্ধীয়ে গোৱালিয়া টেংক ময়দানত ভাষণ প্রদান কৰে আৰু ব্ৰিটিছে তৎক্ষণাত দেশ ত্যাগ কৰিব লাগে আৰু ভাৰতক স্বাধীনতা প্ৰদান কৰিব লাগে বুলি দাবী জনায়। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত...