মহিলা প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাৰ এলিমিনেটৰ খেলখনত আজি মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। মুম্বাইৰ ব্ৰবৰ্ণ ষ্টেডিয়ামত খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। পইণ্ট তালিকাৰ শীৰ্ষত থকা দেলহী কেপিটেলছে ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰিছে। তালিকাৰ দ্বিতীয় স্থানৰ মুম্বাই ইণ্ডিয়ানছ আৰু তৃতীয় স্থানত থকা গুজৰাট জায়েণ্টছে কাইলৈ এলিমিনেটৰ খেলখনৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব। অহা ১৫ মাৰ্চত একেখন ষ্টেডিয়ামতে মহিলা প্রিমিয়াৰ লীগৰ ফাইনেল খেলখন খেলোৱা হ’ব।
Assamese | March 13, 2025 3:24 PM | Cricket | SPORTS | WPL cricket
সন্ধিয়া ৭.৩০ বজাত মহিলা প্রিমিয়াৰ লীগ ক্রিকেটত মুম্বাই ইণ্ডিয়ানছ-গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব