কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ড চি বি এছ ইয়ে ২০২৭ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। অহা বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা দুয়োটা শ্ৰেণীৰে পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব আৰু দশম শ্ৰেণীৰ পৰীক্ষা ১ মাৰ্চত সামৰণি পৰাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৯ এপ্ৰিলত সামৰণি পৰিব। জাননী অনুযায়ী বোর্ডে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৮৩ টা বিষয় আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১২১ টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব।
বোর্ডে জনোৱা অনুসৰি পৰীক্ষাৰ এই সূচী যথেষ্ট সাবধানে তৈয়াৰ কৰা হৈছে যাতে ছাত্র-ছাত্রীসকলে বিভিন্ন বিষয়ৰ পৰীক্ষাত কোনো অসুবিধা নোহোৱাকৈ অৱতীৰ্ণ হ’ব পাৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বোর্ডে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ ব্যৱহাৰিক আৰু অভ্যন্তৰীণ মূল্যায়ন পৰীক্ষাৰ বাবে সূচী প্রকাশ কৰিছে। দেশ আৰু দেশৰ বাহিৰতো দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰিক পৰীক্ষা আৰু অভ্যন্তৰীণ মূল্যায়ণৰ পৰীক্ষাসমূহ অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। অৱশ্যে বিশেষ বাধ্য-বাধকতা থকা কেতবোৰ বিদ্যালয়ত এই পৰীক্ষা চলিত বৰ্ষৰ ৯ নৱেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব।
২৬ লাখ ৫ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত আৰু ১৯ লাখ ৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব।