ভাৰতৰ বেগী ব’লাৰ মহম্মদ ছামিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ইয়াৰ লগে লগে তেওঁৰ ১৩ বছৰীয়া দীঘলীয়া টেষ্ট কেৰিয়াৰৰ অন্ত পৰে। অৱশ্যে তেওঁ সীমিত অভাৰৰ ক্ৰিকেটত ভাৰতক প্রতিনিধিত্ব কৰি যাব। সামাজিক মাধ্যমৰ এটা বার্তা যোগে ছামিয়ে কালি এই কথা ঘোষণা কৰে। খেলুৱৈগৰাকীয়ে ৬৪ খন টেষ্ট খেলত ২৭.৭১ গড়ে ২২৯ টা উইকেট দখল কৰি নিজৰ টেষ্ট কেৰিয়াৰ সমাপ্ত কৰে। ইয়াৰ ভিতৰত ৬ বাৰ ৫ টা কৈ উইকেট দখল কৰাৰ সাফল্যও আছে।
৩৬ বর্ষীয় দ্রুত গতিৰ ব’লাৰজন কপিল দেৱ, জাহিৰ খান, ইশান্ত শর্মা, জভাগল শ্রীনাথ আৰু যশপ্রীত বুমৰাহৰ পাছতে টেষ্ট ক্রিকেটত ভাৰতৰ হৈ সর্বাধিক উইকেট দখল কৰা ষষ্ঠজন খেলুৱৈ।