ভাৰত আৰু ইউৰোপীয় সংঘই ৯৩.৫ বিলিয়ন ইউৰো মূল্যৰ গৱেষণা আৰু উদ্ভাৱন পুঁজি আঁচনি ‘হৰিজ’ন ইউৰোপ-ৰ সৈতে নতুন দিল্লীৰ সম্পৰ্ক স্থাপনৰ সন্দৰ্ভত আলোচনা সফলতাৰে সমাপ্ত কৰিছে। এই ব্যৱস্থাৰ অধীনত ভাৰতীয় গৱেষক, ব্যৱসায়ী আৰু গৱেষণা প্রতিষ্ঠানসমূহ হৰিজ’ন ইউৰোপৰ পৰা পোনপটীয়াকৈ পুঁজি লাভ কৰিবলৈ সমৰ্থ হ’ব।
তেওঁলোকে গোলকীয় প্রত্যাহ্বানসমূহ মোকাবিলা কৰা আৰু ইউৰোপীয় শিল্প প্রতিযোগিতাক গুৰুত্ব দিয়া দ্বিতীয় স্তৰৰ অধীনত আন্তঃৰাষ্ট্ৰীয় সহযোগী গৱেষণা প্ৰকল্পসমূহৰ নেতৃত্ব দিব পাৰিব। দুয়োপক্ষৰ দ্বাৰা স্বাক্ষৰিত আৰু অনুমোদিত হোৱাৰ পাছত এই চুক্তিখন অহা বছৰৰ জানুৱাৰী মাহত কাৰ্যকৰী হ’ব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীয়ে স্বাস্থ্যসেৱা, কৃত্রিম বুদ্ধিমত্তা, ডিজিটেল প্রযুক্তি, মহাকাশ, জলবায়ু, শক্তি আৰু ঔদ্যোগিক উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ সামৰি ল’ব।
ইউৰোপীয় আয়োগে প্ৰকাশ কৰা অনুসৰি এই চুক্তিখনে ভাৰত-ইউৰোপীয় সংঘ সম্পর্কত এটা উল্লেখযোগ্য কীৰ্তিৰূপে চিহ্নিত কৰিছে আৰু বৈজ্ঞানিক সহযোগিতা শক্তিশালী কৰাৰ লগতে নতুন গৱেষণাৰ সুযোগ সৃষ্টি কৰিব। উদ্ভাৱন আৰু গৱেষণাৰ বাবে ইউৰোপীয় সংঘৰ আয়ুক্ত একাটেৰিনা জাহাৰিয়েভাই এই পদক্ষেপক স্বাগতম জনাই কয় যে ভৱিষ্যতৰ প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত দুয়োপক্ষৰ ব্যৱসায়িক প্ৰতিষ্ঠান, গৱেষক আৰু উদ্ভাৱকসকলে একেলগে কাম কৰাৰ বাবে এই চুক্তিয়ে নতুন দুৱাৰ মুকলি কৰিব। বৰ্তমান হৰিজ’ন ইউৰোপৰ সৈতে গ্রেট বৃটেইন, কানাডা আৰু জাপানৰ পৰা দক্ষিণ কোৰিয়া আৰু ছুইজাৰলেণ্ডলৈকে সংঘৰ বহির্ভূত ২৩ খন সহযোগী দেশ জড়িত হৈ আছে।
এই অংশীদাৰিত্বৰ জৰিয়তে ভাৰতীয় প্রতিষ্ঠানসমূহে ইউৰোপীয় আয়োগৰ পৰা পোনপটীয়াকৈ অনুদান লাভ কৰিব পাৰিব আৰু ইউৰোপীয় সংঘৰ সদস্য দেশসমূহৰ সংস্থাসমূহৰ বাবে উপলব্ধ চৰ্তসমূহৰ অনুৰূপ চৰ্ততে ভাৰতীয় বৈজ্ঞানিকসকলক প্রধান আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰকল্পসমূহ পৰিচালনা তথা সমন্বয় সাধন কৰাৰ অনুমতি প্রদান কৰিব। এই চুক্তিয়ে ভাৰত-ইউৰোপীয় সংঘ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাক নতুন গতি প্ৰদান কৰাৰ লগতে নতুন প্রযুক্তি তথা উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।