আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কালি হোৱাইট হাউছত দিপাৱলী উদযাপন কৰে। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্রদূত বিনয় কুৱাটাই ৰাষ্ট্ৰপতিৰ এই উদযাপনৰ সময়ত উপস্থিত থাকে। উল্লেখযোগ্য যে, ২০০৩ চনত দিপাবলী উদযাপনৰ পৰম্পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি জর্জ বুশ্বে আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে দিপাৱলী উৎসৱ আইজেনহোৱাৰ কাৰ্যবাহী কার্যালয় ভবনত ভাৰতীয় আমেৰিকান সম্প্ৰদায়ৰ লোক আৰু ভাৰতীয় কূটনীতিবিদৰ উপস্থিতিত অনুষ্ঠিত হৈছিল। ২০০৯ চনত প্রাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই প্ৰথমবাৰৰ বাবে হোৱাইট হাউছত দিপাৱলীৰ পৰম্পৰা আৰম্ভ কৰে। তেতিয়াৰ পৰাই হোৱাইট হাউছৰ বিভিন্ন স্থানত দিপাবলী অনুষ্ঠিত কৰি অহা হৈছে।
Assamese | November 7, 2026 11:46 AM | US Diwali celebration
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ হোৱাইট হাউছত দিপাৱলী উদযাপন