বিহাৰৰ জনতা দলৰ সাংসদৰ এটা প্ৰতিনিধি দলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বার্তা যোগে শ্রীমোদীয়ে কয় যে, বিহাৰত বিজেপি আৰু J D U ই একেলগে দুৰ্বল শাসন, দুৰ্নীতি আৰু অপৰাধীকৰণৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ লগতে যে, মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বই বিহাৰক উন্নয়নৰ পথত লৈ গৈছে আৰু সুশাসনৰ বাবে দুয়োপক্ষই একেলগে কাম কৰি যাব।
Assamese | June 27, 2024 8:24 PM | India | narendra modi | PM Modi | PM Narendra Modi
সংসদ ভৱনত বিহাৰ জনতা দলৰ সাংসদৰ প্ৰতিনিধি দলৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ