■ শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ’ব। স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উৎসৱ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্রধান ড০ কুলধৰ শইকীয়াই মুকলি কৰিব। এই গ্ৰন্থ উৎসৱৰ কাৰ্যসূচীত সাহিত্য সংস্কৃতিৰ লগত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ’ব। ১১ ডিচেম্বৰলৈ হ’বলগীয়া দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি কুইজ, সংগীত, ৰচনা, নৃত্য, কবিতা আবৃত্তি আদিৰ লগতে বহু কাৰ্যসূচী অনুষ্ঠিত হ’ব।
Assamese | December 1, 2025 11:21 AM | Akashvani | Akashvani Guwahati | Local news
শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰত আজিৰে পৰা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ