শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে বশিষ্ঠ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ কৰ্তৃপক্ষক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ষ্ট্ৰীটলাইটৰ উপযুক্ত ব্যৱহাৰ আৰু পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। পামহিৰ ভীমশংকৰ মন্দিৰতো ভক্তসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে শাওন মেলা উপলক্ষে দিছপুৰ সচিবালয়, কমাৰ্চ কলেজ আৰু এছ বি দেওৰা কলেজক স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।
Assamese | July 20, 2024 7:22 PM | Air news Guwahati | Akashvani | Kamrup
শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি