অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লখিমপুৰৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ৰাষ্ট্ৰীয় উদ্ভিদ, জৈৱ প্ৰযুক্তি প্রতিষ্ঠান নতুন দিল্লীৰ সৌজন্যত আজি লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন হয়। লখিমপুৰ আৰু ধেমাজি জিলাৰ বাওধানৰ কৃষি কাৰ্যৰ সৈতে জড়িত তথা দ্বৈত শস্য ৰোপণত জড়িত প্রগতিশীল কৃষকসকলক কৃষি সঁজুলিসমূহ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে চলিত বছৰত অসমৰ মুঠ এহেজাৰ হেক্টৰ কৃষিভূমিত দ্বৈত শস্য ৰোপন ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অধীনত মাণ্ডলিক গৱেষণা কেন্দ্ৰ উত্তৰ লখিমপুৰে জিলাখনৰ মুঠ ৩০ হেক্টৰ কৃষিভূমিত এই ব্যৱস্থা ৰূপায়ণ কৰিবলৈ অগ্ৰসৰ হৈছে। ইয়াৰে ৬০ শতাংশ কৃষিভূমিত কৃষি যান্ত্ৰিকীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে।
Assamese | August 6, 2024 9:00 PM | agriculture | Akashvani | Akashvani News | Lakhimpur District
লখিমপুৰত কৃষি সঁজুলি বিতৰণ আৰু ব্যৱসায়িক কাৰ্যসূচী সম্পন্ন