মেঘালয়ৰ দামালগ্ৰী অঞ্চলত হাটশিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰি থকা সময়ত এখন ভাৰাতীয়া বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰে।
মেঘালয় আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত পাহাৰীনগৰ নাকা দলে সন্দেহবশতঃ সোধা-পোছা কৰা লোককেইজন বাংলাদেশী নাগৰিক বুলি আৰক্ষী নিশ্চিত হয় আৰু লগে লগে আৰক্ষীয়ে লোককেইজনক আটক কৰে।