বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা আগবঢ়াইছে। আজি এখন সংবাদমেলযোগে এই কথা সদৰি কৰি সত্ৰ পৰিচালনা সমিতিয়ে কয়, যে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা গুৰুত্বৰ বাবেই তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও সমিতিয়ে প্ৰকাশ কৰে। সমাগত দৌল উৎসৱৰ সময়ছোৱাত অহা ১৪ বা ১৫ মাৰ্চত মুখ্যমন্ত্ৰী ড° শৰ্মাই সত্ৰলৈ আহি নিজ হাতে এই বঁটা গ্ৰহণ কৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।
Assamese | March 7, 2025 8:30 PM | Akashvani Guwahati | Bhabanipur Satra | CM Himanta Biswa Sarma | Local news
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মালৈ সন্মানীয় গোপাল আতা বঁটা বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰৰ