মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুৱমাই অসমৰ সৈতে শান্তি আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিছে।
গুৱাহাটীত কালি এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ দীক্ষা আৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে দুয়োখন ৰাজ্যৰ মাজত পাৰস্পৰিক আস্থা সুদৃঢ় কৰাৰ প্ৰতি তেওঁ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা প্রতিশ্রুতিবদ্ধ।
তেওঁ লগতে প্রলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত অসমৰ জনসাধাৰণৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। চুবুৰীয়া ৰাজ্য হিচাপে অসম আৰু মিজোৰামৰ মাজত ঘনিষ্ঠ সম্পর্ক আছে বুলি শ্ৰীলালডুৱমাই মন্তব্য কৰে।