মাধ্যমিক শিক্ষা সঞ্চালকালয়, প্রাথমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত সকলো শিক্ষকে অলপতে প্রকাশিত বিজ্ঞাপন অনুসৰি স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব। শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেণ্ডৰ অনুমোদনমৰ্মে ৰাজ্য চৰকাৰ বিদ্যালয় শিক্ষা বিভাগে পদসমূহৰ বিপৰীতে আবেদন কৰাৰ বাবে সমূহীয়াভাৱে আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদান কৰিছে। অৱশ্যে নির্দেশনাটোত উল্লেখ থকা অনুসৰি শিক্ষক পদৰ বাবে বাছনি হোৱাৰ পাছত নিযুক্তিৰ বাবে সংশ্লিষ্ট শিক্ষকগৰাকীয়ে আপত্তিবিহীন প্রমাণপত্র দাখিল কৰিব লাগিব।
Assamese | October 26, 2024 6:37 PM | Akashvani | Assam Education
মাধ্যমিক শিক্ষা সঞ্চালকালয়, প্রাথমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকে স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক পদৰ বাবে আবেদন কৰিব পাৰিব