মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ’ব। মধুপুৰ সত্ৰৰ লগতে উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা অনুযায়ী প্রভাতী বন্দনাৰে কালিৰ দিনটো কাৰ্যসূচী আৰম্ভ হ’ব। ইয়াৰ পাছত বিশেষ প্ৰসংগ, নাম আৰু ভাগৱত পাঠৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আবেলি বৈষ্ণৱ ভকত আৰু আইসকলৰ নাম পৰিৱেশন কৰা হ’ব। জন্মস্থান বৰদোৱাতো মহাপুৰুষজনাৰ জন্মোৎসৱ কাইলৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।
Assamese | October 1, 2025 9:04 PM | Akashvani | Akashvani News | sankardev
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ’ব