September 12, 2026 5:54 PM

views 7

ৰাজ্যৰ সত্ৰ, নামঘৰসমূহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ সংখ্যক তিৰোভাব তিথি পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৮ সংখ্যক তিৰোভাব তিথি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা হৰিনামৰ পৱিত্ৰ ধ্বনিৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ৬ ছেপ্তেম্বৰৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হয়। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দই বিয়লি বৰপেটা সত্ৰত কৰভাৰ প্ৰদান কৰে। এই উপলক্...

October 2, 2025 6:16 PM

views 69

ৰাজ্যজুৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন

■ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহত হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়৷ সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বটদ্ৰবা সত্ৰতো আজি ৫৭৭ সংখ্যক জয়ন্তী উপলক্ষে...

October 1, 2025 9:04 PM

views 144

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ’ব

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জয়ন্তী কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষজনাৰ তিৰোভাৱ ক্ষেত্ৰ কোচ বিহাৰৰ মধুপুৰ সত্ৰত পালন কৰা হ'ব। মধুপুৰ সত্ৰৰ লগতে উত্তৰ বংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা অনুযায়ী প্রভাতী বন্দনাৰে কালিৰ দিনটো কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছত বিশেষ প্ৰসংগ, নাম আৰু ভাগৱত পাঠৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আবেলি বৈষ্ণৱ ভকত আৰু আইসকলৰ নাম পৰিৱেশন কৰা হ'ব। জন্মস্থান বৰদোৱাতো মহাপুৰুষজনাৰ জন্মোৎসৱ কাইলৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা...

August 25, 2025 10:27 AM

views 106

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাক স্মৰণ কৰি নাম-কীৰ্তন পৰিৱেশন কৰাৰ লগতে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ১৯ আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হ'ব। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দ...

May 13, 2025 12:56 PM

views 94

বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত সতী ৰাধিকা উৎসৱ পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত কালি দিনজোৰা কাৰ্যসূচীৰে সতী ৰাধিকা উৎসৱ পালন কৰা হয়। কেন্দ্ৰীয় সতী ৰাধিকা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজিত এই উৎসৱৰ অংশ হিচাপে পুৱাৰ ভাগত স্বচ্ছতা অভিযান আৰু গছপুলি ৰোপণ কৰা হয় । ইয়াৰ পাছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। দুপৰীয়াৰ ভাগত সতী ৰাধিকা নামঘৰত নাম-প্ৰসংগ আৰু গায়ন-বায়ন পৰিৱেশনৰ পাছতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বর্ধন...