মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত কালি দিনজোৰা কাৰ্যসূচীৰে সতী ৰাধিকা উৎসৱ পালন কৰা হয়। কেন্দ্ৰীয় সতী ৰাধিকা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজিত এই উৎসৱৰ অংশ হিচাপে পুৱাৰ ভাগত স্বচ্ছতা অভিযান আৰু গছপুলি ৰোপণ কৰা হয় । ইয়াৰ পাছতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। দুপৰীয়াৰ ভাগত সতী ৰাধিকা নামঘৰত নাম-প্ৰসংগ আৰু গায়ন-বায়ন পৰিৱেশনৰ পাছতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰা হয়। বিয়লিৰ ভাগত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উপেন ৰাভা হাকাচাম, অসম সত্ৰ মহাসভাৰ মুখপাত্র ড° তাৰানাথ মহন্ত প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Assamese | May 13, 2025 12:56 PM | sankardev
বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত সতী ৰাধিকা উৎসৱ পালন