ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ কৰে। সেই অনুসৰি পাঞ্জাব, হাৰিয়ানা, পূৱ ৰাজস্থান আৰু ঝাৰখণ্ডত শীতৰ প্ৰভাৱ পৰিব। বতৰ বিজ্ঞান বিভাগে হিমাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ওড়িশাৰ বিভিন্ন অঞ্চলত কুঁৱলি পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰোপৰি তামিলনাডু, পুডুচেৰী আৰু কাৰাইকলৰ বিভিন্ন অঞ্চলত বৰষুণ আৰু বজ্ৰপাতৰ আগলি বতৰা প্ৰকাশ কৰিছে।
ইপিনে, আজি পুৱাৰ ভাগত দিল্লী এন চি আৰৰ বায়ুৰ গুণগত মান অতি নিম্নমানৰ হোৱা বুলি পঞ্জীয়ন কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্রণ বোৰ্ডৰ তথ্য অনুসৰি পুৱা ৭ বজালৈ অঞ্চলটোত গড় বায়ু গুণগত সূচাংক হৈছে ৩২৫।
Assamese | December 5, 2025 4:35 PM | Akashvani | Akashvani News | IMD Alert | IMD weather
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ