ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আশংকা কৰি নগাঁও আৰু মৰিগাঁও জিলাত ORANGE ALERT জাৰি কৰিছে। বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মধ্য অসমৰ এই জিলা দুখনৰ ঠাই বিশেষে আজি ৭ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বিজুলী-ধেৰেকনিৰে বৰষুণ হ’ব পাৰে। বৰষুণৰ আশংকা কৰি কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ বাবেও বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।
Assamese | August 8, 2025 12:49 PM | Akashvani Guwahati | Assam Weather | IMD Alert
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ধাৰাসাৰ বৰষুণৰ আশংকা