নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ বানৰ সময়ত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত প্রথমখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাজহচক্ৰ বিষয়াসকলক তেওঁলোকৰ ৰাজহ অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবে কাৰ্য পৰিকল্পনা প্রস্তুত কৰি অনতিপলমে দাখিল কৰিবলৈ নির্দেশ দিয়ে। তেওঁ লগতে সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।
Assamese | February 14, 2025 8:12 PM | Akashvani Guwahati | Local news | Nagaon
বানৰ সময়ত ল’বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্রথমখন প্রস্তুতিমূলক সভা