September 14, 2026 1:05 PM | Ganesh chaturthi

printer

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী, পাঞ্জাবাৰী, খানাপাৰা আৰু বীৰকুচিৰ গণেশ মন্দিৰত পুৱাৰে পৰা সিদ্ধিদাতাৰ পূজা-অৰ্চনাৰ বাবে ভক্তৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। গুৱাহাটীৰ পশ্চিম প্রান্তৰ শ্ৰীশ্ৰীলংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰতো গণেশ চতুৰ্থীৰ আয়োজন কৰা হৈছে।

ৰাজ্যৰ অন্যান্য প্ৰান্ততো যথাবিহিত ৰীতি-নীতিৰে গণেশ চতুর্থী পালন কৰা হৈছে। নলবাৰীৰ গণেশ মন্দিৰ, আগিয়াঠুৰীৰ গণেশ মন্দিৰৰ লগতে বিভিন্ন স্থানত গণেশ চতুর্থী উপলক্ষে ধর্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা চহৰৰ ব’ৰ বজাৰ গণপতি পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি গণেশ চতুৰ্থীৰ আয়োজন কৰিছে। এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। চহৰখনৰ কলিতাপাৰা, বেলতলা আৰু টিলাপাৰাৰ লগতে লক্ষীপুৰ অঞ্চলৰ মেধিপাৰা গাঁৱত গণেশ চতুর্থী পালন কৰা হৈছে।