কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছ যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত ৫ লাখ ৪৩ হাজাৰ ৬০০ কিলোগ্ৰামতকৈ অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছে। গান্ধীনগৰত কালি এখন ৰাজহুৱা সভাত ভাষণ দি শ্ৰীশ্বাহে কয় যে, কেন্দ্ৰীয় চৰকাৰে যুৱ সমাজক সুৰক্ষিত কৰাৰ বাবে ভাৰতক নিচামুক্ত দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে আৰু এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে গান্ধীনগৰত জনসাধাৰণ কেন্দ্ৰীক বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত তেওঁৰ জন্মস্থান মানসাৰ চিকিৎসালয় অন্যতম।
Assamese | October 5, 2024 1:01 PM | Amit sah | HM India
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১০ বছৰত ৫ লাখ ৪৩ হাজাৰ ৬০০ কিলোগ্ৰামতকৈ অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছেঃ গৃহমন্ত্রী