স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্লীত আজি ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধীকৰণে আয়োজন কৰা পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অনুষ্ঠানত পদপথৰ খাদ্য ব্যৱসায়ীসকলৰ বাবে খাদ্য সুৰক্ষা প’ৰ্টেল আৰু নাতি-নীৰ্দেশনা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশিক্ষণ আৰু দক্ষতাৰ বিকাশৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তিক সবল কৰি তোলাৰ পৰিকল্পনা গ্রহণ কৰিছে। অনাময়, উন্নত মান আৰু সঠিক আৱৰ্জনা ব্যৱস্থাপনাৰে ব্যৱসায়ীসকলে অধিক উপভোক্তাক আকৰ্ষণ কৰিব পাৰে বুলি শ্ৰী নাড্ডাই মন্তব্য কৰে৷
Assamese | July 20, 2024 8:05 PM | JP Nadda | PM Modi | PM Narendra Modi
প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে