পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই আজি ডংকামোকাম, খেৰনি আৰু হামৰেনৰ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া কেইগৰাকীৰ সৈতে জিলাখনত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত ল’ব পৰা ব্যৱস্থা সন্দৰ্ভত বিষয়া কেইগৰাকীৰ সৈতে আলোচনা কৰে। বৈঠকত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক নিয়মীয়াকৈ বিদ্যুৎ সেৱা ব্যাহত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।
Assamese | April 25, 2025 7:21 PM | Akashvani Guwahati | Akashvani News
পশ্চিম কাৰ্বি আংলঙত সঘনে বিদ্যুৎ যোগাযোগ ব্যাহত হোৱাৰ প্ৰতিকাৰ সন্দৰ্ভত জিলা আয়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠকত