আর্মেনিয়াৰ সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে প্রধানমন্ত্রী নিকল পাছিনয়ানক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্যসমাপ্ত সংসীয় নির্বাচনত বিজয় সাব্যস্ত কৰাৰ বাবে আর্মেনিয়াৰ প্রধানমন্ত্রী নিকল পাছিনয়ান আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰিছে। আর্মেনিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কালি হোৱা টেলিফোনিক বার্তালাপত শ্রীমোদীয়ে পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইৰানত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত দেশখনে আগবঢ়োৱা সহায়ৰ শলাগ লয়।

সামাজিক মাধ্যমৰ এটা প’ষ্টত শ্ৰীমোদীয়ে কয়, যে বার্তালাপৰ সময়ছোৱাত তেওঁলোকে উভয় দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত থকা উষ্ম তথা বহুমুখী সম্পৰ্কক ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা প্ৰকাশ কৰে। ভাৰত আৰু আৰ্মেনিয়াৰ জনসাধাৰণৰ মাজত বন্ধুত্বপূৰ্ণ বান্ধোনৰ উপৰি বাণিজ্য, প্ৰতিৰক্ষা, প্রযুক্তি আদিতো বিশেষ সম্পর্ক আছে। উভয় দেশৰ মাজত থকা বন্ধুত্বক নতুন শিখৰলৈ নিবলৈ নৱনিৰ্বাচিত প্রধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰিবলৈ আগ্রহী বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে।