নলবাৰী জিলাৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত আজি সংঘটিত নাও দুৰ্ঘটনাত দুজন ছাত্রসহ তিনিজন লোক সন্ধানহীন হৈ আছে। মুকালমুৱাৰ পেৰাধৰা ঘাটত আজি এই দুৰ্ঘটনাটো সংঘটিত হয়। নাওখনত কমেও ৩৫ গৰাকী যাত্ৰী আছিল বুলি আমাৰ সংবাদদাতাই জনাইছে। ঘটনাস্থলীত এছ ডি আৰ এফৰ কৰ্মীসকল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।
Assamese | June 19, 2025 7:40 PM | Akashvani | Boat Accident | Local news
নলবাৰীৰ মুকালমুৱাত ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাত ২ জন ছাত্রসহ ৩ জন লোক সন্ধানহীন