নগাওঁ জিলাৰ পুৰণি গুডামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে।
আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, গাঁৱখনৰ এখন গাহৰী পামত প্ৰায় ৫৫ টা গাহৰীৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে।
ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰীসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।