July 4, 2026 7:40 PM

views 17

নগাওঁ জিলাৰ পুৰণি গুডামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি

নগাওঁ জিলাৰ পুৰণি গুডামৰ হালোৱা গাঁৱত ছোৱাইন ফ্লুৰ সংক্ৰমণ ব্যাপক ৰূপত বৃদ্ধি পাইছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে, গাঁৱখনৰ এখন গাহৰী পামত প্ৰায় ৫৫ টা গাহৰীৰ দেহত জিলা পশুপালন বিভাগৰ চিকিৎসকে ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পেলাইছে। ইয়াৰ পাছতে জিলা প্ৰশাসনে অঞ্চলটোত সংক্ৰমিত গাহৰীসমূহ নিধনৰ লগতে ভাৰতীয় নাগৰিক সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

July 18, 2024 12:44 PM

views 43

ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, এতিয়ালৈ ৫জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্রাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক'বলৈ অসমৰ্থ হোৱা এই জাপানীজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেই...