নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ’ব। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি নাৱেৰে কলঙৰ অবৈধভাৱে দখল কৰা অঞ্চল পৰিদৰ্শন কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে অবৈধভাৱে দখল কৰা অঞ্চলসমূহ নিৰ্দিষ্ট সময়ত খালী নকৰিলে বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কলঙৰ মাটি ম্যাদী কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰি জিলা আয়ুক্তগৰাকীয়ে নৈখন প্ৰদূষিত কৰাসকলক সকিয়াই দিয়ে। আয়ুক্তগৰাকীয়ে শৌচালয়ৰ টেংকি আঁতৰাই নিনিলে এনে লোক গ্ৰেপ্তাৰ পৰ্যন্ত হ’ব পাৰে বুলি মন্তব্য কৰে।
Assamese | August 28, 2025 8:28 PM | Akashvani Guwahati | Assam Eviction | Local news | Nagaon
নগাঁৱৰ কলং পাৰৰ ভূমিত উচ্ছেদ অভিযান চলিব আৰু ইয়াৰ বাবে শীঘ্ৰে জাননী প্ৰেৰণ কৰা হ’ব