নৰৱে’ৰ ৰাষ্ট্রদূত মে’ এলিন ষ্টেনাৰ আৰু বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে এটা প্রতিনিধি দলে আজি নগাঁও জিলাত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক জিলা আয়ুক্ত কাৰ্যালয়ত আদৰণি জনোৱা হয়। তেওঁলোকে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী আৰু অসম কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা নৰৱে’ দূতাবাসৰ সমৰ্থনত কঠিয়াতলি গাঁও পঞ্চায়তৰ জুমুৰমুৰ গাঁৱত ৰূপায়ণ হৈ থকা প্ৰকল্পটো পৰিদৰ্শন কৰে। শ্ৰীমতী ষ্টেনাৰে এই প্রকল্পস্থলীতে সংহত কৃষি পদ্ধতি আৰু বাও ধান ৰোপনৰ আৰম্ভণিৰ এটা অনুষ্ঠানত অংশ লৈ কৃষি কাৰ্যত জড়িত মহিলাসকলৰ সৈতে মত-বিনিময় কৰে।
Assamese | April 25, 2025 8:47 PM | Akashvani | Local news | Nagaon
নগাঁৱত বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাৰ্যসূচী পৰিদৰ্শন বিশ্ব খাদ্য কাৰ্যসূচীৰ প্ৰদেশ সঞ্চালক এলিজাবেথ ফওৰেৰ সৈতে প্রতিনিধি দলৰ