নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকর্মী, সংগঠক ৰেখা শৰ্মাৰ দেহাৱসান

নগাঁও চহৰৰ আমোলাপট্টি নিবাসী বিশিষ্ট সমাজকর্মী, সংগঠক ৰেখা শৰ্মাৰ আজি পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে।

অঞ্চলটোৰ বিভিন্ন ধৰণৰ সামাজিক কাম-কাজৰ সৈতে জড়িত, অসম আন্দোলনৰ অগ্ৰণী নেত্রী তথা বিজেপিৰ প্ৰাক্তন নেত্ৰী ৰেখা শৰ্মা সাহিত্য ৰচনাৰ সৈতেও জড়িত আছিল।

৯০ বছৰৰ ঊৰ্ধৰ মহিলাগৰাকীৰ বিয়োগত নগাঁও জিলা সাহিত্য সভাসহ বিভিন্ন সংস্থা-সংগঠন আৰু মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্রাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি ব্যক্তি বিশেষে শোক প্রকাশ কৰিছে।