দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ সামৰণি

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। যোৱা ২৯ মে’ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি আয়োজিত এই অভিযানৰ অংশ হিচাপে দৰং জিলাৰো ছটা উন্নয়নত খণ্ডত ২০০ খন গাঁৱত কৃষি প্রযুক্তি, ভূমি স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্রায় ১০ হাজাৰৰো অধিক কৃষকক এই কাৰ্যসূচীত সামৰি লোৱা হয়। উন্নত বীজ আৰু কৃষি প্রযুক্তি, ৰাসায়নিক সাৰৰ সঠিক ব্যৱহাৰ, জৈৱিক কৃষিৰ সম্ভাৱনা, পশু পালন আৰু মীন পালনত বৈজ্ঞানিক প্ৰযুক্তিৰ প্ৰয়োগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, জিলা কৃষি, মীন আৰু পশুপালন বিভাগৰ বিষয়াসকলে পষেকজোৰা এই অভিযানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। চৰকাৰে গ্ৰহণ কৰা কৃষি উন্নয়নমূলক নীতি আৰু আয় বৃদ্ধি পদক্ষেপসমূহৰ বিষয়েও অভিযানৰ সময়ত প্ৰতিদিনে চাৰিখনকৈ সভা আয়োজন কৰি কৃষকসকলক সজাগ কৰা হয়। কৃষি ক্ষেত্ৰত ড্রোনৰ প্ৰয়োগ সন্দৰ্ভতো এই কাৰ্যসূচীত ভাৰতীয় কৃষি অৰণ্য উন্নয়ন সমবায়ৰ সৌজন্যত সজাগতামূলক প্রদর্শন
কৰা হয়।