● দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাত ল’ৰাৰ শাখাত ২৪ টা দলে আৰু ছোৱালীৰ শাখাত ১৫ টা দলে ভাগ লৈছে। কালি কোৱাৰ্টাৰ ফাইনেলৰ সামৰণিত ছোৱালীৰ শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ল’ৰাৰ শাখাত বিজনী, তেজপুৰ, চিৰাং, শালবাৰী, নলবাৰী, গহপুৰ, গুৱাহাটী আৰু দক্ষিণ কামৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।
Assamese | December 29, 2025 4:46 PM | Akashvani | Akashvani Guwahati | Local news
দক্ষিণ শালামাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ২৭ ডিচেম্বৰৰ পৰা ৫৯ সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপ অনুষ্ঠিত