● উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মুক্তি যুজাৰু তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজক আজি মৃত্যু বার্ষিকীত স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয়, যে প্রয়াত কামৰাজৰ জীৱন সৰলতা, সংহতি আৰু জনগণৰ সেৱাত উৎসৰ্গিত আছিল। তেওঁ লগতে কয়, যে কে. কামৰাজে শিক্ষা আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নত অমূল্য অৱদান আগবঢ়াই গৈছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লাখ লাখ শিশুৰ জীৱনলৈ ৰূপান্তৰ অনা মধ্যাহ্ন ভোজন আঁচনি প্ৰৱৰ্তনৰ বাবেও প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক স্মৰণ কৰে। দেশৰ মুক্তি সংগ্ৰাম আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনলৈ কে. কামৰাজে যোগোৱা অৱদানকো উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে প্ৰশংসা কৰে।
Assamese | October 2, 2025 6:40 PM | Akashvani | Akashvani News | CP Radhakrishnan
তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. কামৰাজৰ মৃত্যু বার্ষিকীত স্মৰণ উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ