কামৰূপ মহানগৰৰ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে আজি জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰায় ৭০০ কুইণ্টল খাদ্য বিতৰণ কৰা হয়। সমষ্টিটোৰ ধাৰাপুৰ, মাজিৰগাঁও, কেন্দুকুছি, আগচীয়া, গড়ল আৰু মির্জাপুৰৰ বিভিন্ন অঞ্চলত পশু খাদ্য বিতৰণ কাৰ্যসূচীত জালুকবাৰী সমজিলাৰ আয়ুক্ত ড০ জীৱন কৃষ্ণ গোস্বামী আজাৰা ৰাজহচক্ৰৰ চক্ৰবিষয়া অপ্রতিম গোস্বামী আৰু বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত থাকে।
Assamese | June 2, 2025 8:00 PM | Akashvani Guwahati | Akashvani News | Jalukbari
জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বানপীড়িত এলেকাসমূহৰ পশুধনৰ বাবে ৭০০ কুইণ্টল পশুখাদ্য বিতৰণ