■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহযুদ্ধ চলি থকাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটে অসামৰিক লোক বাস কৰা অঞ্চলক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। ছুদানিজ আর্মড ফ’ৰ্চ আৰু ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰা চলি থকা গৃহযুদ্ধত কেইবা হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক স্থানচ্যুত হৈছে।
Assamese | October 2, 2025 6:36 PM | Aakashbani | Akashvani News | Drone Attacked
ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত