July 2, 2026 6:09 PM

views 9

ৰাছিয়াই ড্রোন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত ইউক্রেইনৰ ৰাজধানী কিইভত ১৩ জন লোকৰ মৃত্যু

ইউক্রেইনৰ ৰাজধানী কিইভৰ আবাসিক এলেকাত যোৱা নিশা ৰাছিয়াই ড্রোন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়। স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ বিভিন্ন অংশৰ পৰা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। সমগ্ৰ চহৰখনত চাইৰেণৰ শব্দই আতংকৰ সৃষ্টি কৰাৰ লগতে বহুলোকে মেট্‌' ষ্টেচনত আশ্ৰয় লয়। কিইভৰ মেয়ৰ ভিতালী ক্লিটছক'ই জনোৱা মতে ড্রোনৰ আক্ৰমণত ছেণ্ট্ৰেল শেভচেনক’ বুলভাৰ্ডৰ এখন হোটেলৰ ছাদত অগ্নিসংযোগ হয়। এই সপ্তাহৰ আৰম্ভণিতে ইউক্রেইনে মস্কোত ড্...

October 2, 2025 6:36 PM

views 65

ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ’ৰ্চৰ ড্ৰ’ন আক্ৰমণত ৮ জন লোক নিহত

■ ছুদানত এল ফেছাৰ মহানগৰৰ সমীপত ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ ড্ৰ'ন আক্ৰমণত ৮ জন লোক নিহত হোৱাৰ উপৰি কেইবাজনো লোক আহত হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ঘটনাস্থলীতে ৫ জন অসামৰিক লোকৰ মৃত্যু হয়, আনহাতে ৩ জন গুৰুতৰভাৱে আহত লোকৰ চিকিৎসালয়ত মৃত্যু হয়। কমেও ১২ জন আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেশখনত গৃহযুদ্ধ চলি থকাৰ পৰিপ্ৰেক্ষিতত বিদ্ৰোহী গোটে অসামৰিক লোক বাস কৰা অঞ্চলক প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। ছুদানিজ আর্মড ফ'ৰ্চ আৰু ৰেপিড ছাপৰ্ট ফ'ৰ্চৰ মাজত ২০২৩ চনৰ এপ্ৰিলৰ পৰা চলি থকা গৃহযুদ্ধত...

October 22, 2024 2:48 PM

views 49

পূব লেবাননত ড্ৰ’ন আক্ৰমণত ৬ জন লোক নিহত

পূব লেবাননৰ বালবেক চহৰৰ এটা ঘৰত ইজৰাইলৰ ড্ৰ'ন আক্ৰমণত কালি ৬ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। লেবাননৰ চৰকাৰী সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মধ্য বালবেকৰ নবি ইনাম এলেকাত থকা ঘৰটোত ইজৰাইলী ড্র'নে আক্ৰমণ কৰে। ইফালে, হিজবুল্লাহে কৈছে যে খালেট ৱাৰ্ডেহ অঞ্চলত থকা ইজৰাইলৰ সেনা বাহিনীৰ ঘাটিক লক্ষ্য কৰি হিজবুল্লাহে ৰকেট চালভো নিক্ষেপ কৰিছে। ২৩ ছেপ্টেম্বৰৰ পৰা ইজৰাইলী সেনাই লেবাননত বিমান আক্রমণ অব্যাহত ৰাখিছে।

July 9, 2024 7:23 PM

views 39

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাকিস্তানী ড্ৰ’নলৈ সেনাৰ গুলীচালনা

জম্মু-কাশ্মীৰত পুঞ্চ জিলাৰ কৃষ্ণ ঘাটি খণ্ডত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিলক্ষিত পাকিস্তানী ড্ৰ’নলৈ লক্ষ্য কৰি সেনাই গুলীচালনা কৰে। আকাশবাণী জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি যোৱানিশা ভাৰতীয় ভূখণ্ডৰ ওপৰত কিছু সময়ৰ বাবে উৰি থকা ড্র’নখন পাকিস্তানলৈ উভতি গৈছিল। যোৱানিশা প্রায় ৯ বাজি ১৫ মিনিটত নিয়ন্ত্ৰণ ৰেখাত পহৰা দি থকা ভাৰতীয় সৈন্যই ১,০০০ মিটাৰৰো অধিক উচ্চতাত পাকিস্তানী ড্র'নৰ গতিবিধি লক্ষ্য কৰাৰ পাছত ১০ মিনিটৰ ভিতৰতে গুলীচালনা কৰি নমাই আনিছিল যদিও যদিও ড্র'নখনে উভতি যাবলৈ সক্ষম হয়। আধা ঘণ্টাৰ...