ৰাছিয়াই ড্রোন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত ইউক্রেইনৰ ৰাজধানী কিইভত ১৩ জন লোকৰ মৃত্যু

ইউক্রেইনৰ ৰাজধানী কিইভৰ আবাসিক এলেকাত যোৱা নিশা ৰাছিয়াই ড্রোন আৰু ক্ষেপণাস্ত্ৰৰে চলোৱা আক্ৰমণত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেসংখ্যক লোক আহত হয়।

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা চহৰখনৰ বিভিন্ন অংশৰ পৰা বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। সমগ্ৰ চহৰখনত চাইৰেণৰ শব্দই আতংকৰ সৃষ্টি কৰাৰ লগতে বহুলোকে মেট্‌’ ষ্টেচনত আশ্ৰয় লয়।

কিইভৰ মেয়ৰ ভিতালী ক্লিটছক’ই জনোৱা মতে ড্রোনৰ আক্ৰমণত ছেণ্ট্ৰেল শেভচেনক’ বুলভাৰ্ডৰ এখন হোটেলৰ ছাদত অগ্নিসংযোগ হয়। এই সপ্তাহৰ আৰম্ভণিতে ইউক্রেইনে মস্কোত ড্রোন আক্রমণ চলোৱাৰ পাছতে ৰাছিয়াই যোৱা নিশা ড্রোন আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়।