নগাওঁ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত ধৃত অপৰাধীকেইটাৰ ঘৰ মহাৰাষ্ট্ৰ, বৰপেটা আৰু নগাওঁৰে কছুৱাত বুলি জানিব পৰা গৈছে। অপৰাধী চক্ৰটোৱে জিলাখনৰ বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাত্ৰ ঘটনা সংঘটিত কৰি আহিছিল অপৰাধী কেইটাৰ পৰা ৫ টা মোবাইল ফোন, কেইবাখনো এ টি এম কার্ড আৰু চীম কার্ড জব্দ কৰা হৈছে। নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত সদৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
Assamese | July 20, 2024 7:47 PM | Akashvani | Akashvani Guwahati | Nagaon
চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ নগাওঁ আৰক্ষীৰ