●● গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। কালি সন্ধিয়াৰ ভাগত অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত সোণাপুৰ ৰাজহ চক্ৰৰ অশোক শৰ্মা নামৰ এজন লোকে প্ৰাণ হেৰুৱায়। কৃত্রিম বানত মহানগৰীৰ নমাইল, যোৰাবাট, ঘোঁৰামৰা, ৰুক্মিনীগাঁও, বৰ্ষাপাৰা, অনিল নগৰ, নবীন নগৰ, আমবাৰী, বামুণীমৈদাম, গোটানগৰ আদিকে ধৰি ৩৯ টা স্থান প্লাৱিত হৈছে। ৰুক্মিনী গাঁও, জুৰিপাৰ, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও আৰু গোটানগৰত পৰিস্থিতি জটিল হোৱাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অৱশ্যে যোৱা নিশাৰে পৰা বৰষুণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ ভাগত পানী শুকুওৱা পৰিলক্ষিত হৈছে।
Assamese | August 29, 2025 1:28 PM | Akashvani Guwahati | Akashvani News | Assam Flood | Guwahati flood
গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত