অসমীয়া শিশু সাহিত্যৰ চৰ্চা, সৃষ্টি আৰু উত্তৰণৰ উদ্দেশ্যে স্থাপিত কিৰণ তামুলী শিশু সাহিত্য ন্যাসে চতুর্থ বৰ্ষৰ সাহিত্য বঁটাৰ বাবে শিশু গ্ৰন্থৰ আহ্বান কৰিছে। এই বঁটাৰ বাবে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত প্ৰকাশিত গ্ৰন্থ গ্ৰহণ কৰা হ’ব।
প্রতিযোগীসকলে প্রকাশিত গ্ৰন্থৰ দুটাকৈ কপি মৌচাক, ডেকা গাঁও, যোৰহাট-৭৮৫০০৬ ঠিকনাত কিৰন তামুলী শিশু সাহিত্য বঁটা ২০২৬ বুলি উল্লেখ কৰি অহা ৩০ আগষ্টৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। ২০২৬ চনৰ ১০ অক্টোবৰত ফলাফল ঘোষণা কৰা হ’ব।
প্ৰতিটো শিতানত ২৫ হাজাৰ আৰু মানপত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব। ২০২৬ চনৰ ২৯ নৱেম্বৰৰ দিনা কিৰণ তামুলীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি আয়োজিত সভাত বঁটাসমূৰ প্ৰদান কৰা হ’ব।