কামৰূপ জিলাৰ বকোত বৈজ্ঞানিক পদ্ধতিৰে গো-পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান

কামৰূপ জিলাৰ বকোত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিবনুৱা যুৱক-যুৱতী, পুৰুষ, মহিলাক বৈজ্ঞানিক পদ্ধতিৰে গো-পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কামৰূপ জিলা পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত এশগৰাকী প্রশিক্ষার্থীক প্রদান কৰা এই প্ৰশিক্ষণৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা, কাৰ্যবাহী সদস্য সুমিত ৰাভা, আদিত্য ৰাভা, কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ড° প্রাঞ্জল কুমাৰ শইকীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সামৰণি অনুষ্ঠানত প্রশিক্ষার্থীসকলক প্রমাণ পত্র প্রদান কৰা হয়।