কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে

কাছাৰ জিলাৰ লক্ষীপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে।

লক্ষীপুৰত অনুষ্ঠিত কাছাৰ আনাৰস সম্পৰ্কীয় শস্য চপোৱাৰ পৰৱৰ্তী ব্যৱস্থাপনা কাৰ্যসূচী আৰু ক্রেতা-বিক্রেতা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে।

তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্রেতা-বিক্রেতাৰ মাজত পোনপটীয়া যোগাযোগ সূচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসত পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।