কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বদোদাত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ২০,৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিড’ৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব।

প্ৰধানমন্ত্ৰীয়ে নিউ সানন্দ (উত্তৰ), নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জে এন পি টি মুম্বাইৰ পৰা মালবাহী ৰে’ল সেৱাও মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু টাণ্ডা ৰোডৰ মাজত এখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণ কালত ৯,৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ তিনিটা ৰে’ল প্ৰকল্প আৰু ১,৭৮০ কোটি টকা ব্যয়সাপেক্ষে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

তেওঁ লগতে প্ৰায় ২,৬০০ কোটি টকা ব্যয়সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত গোলকীয় ফিনটেক মহোৎসৱ ২০২৬ উদ্বোধন কৰাৰ উপৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব।