September 7, 2026 2:24 PM

views 13

কাইলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বদোদাত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ২০,৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিড'ৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে নিউ সানন্দ (উত্তৰ), নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জে এন পি টি মুম্বাইৰ পৰা মালবাহী ৰে'ল সেৱাও মুকলি কৰিব। তেওঁ লগতে বদোদৰা আৰু টাণ্ডা ...

June 4, 2026 8:34 PM

views 18

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ গুজৰাট আৰু দমন ভ্রমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্রমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ছুৰাটত ১৮ হাজাৰ ৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে ছুৰাটত ২০০ খন বিছনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত দুহেজাৰ ৯৭০ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পর্যটন, আন্তঃগাঁথনি...

March 3, 2025 11:25 AM

views 37

গুজৰাটৰ ছাচনত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বৈঠকত প্রধানমন্ত্ৰীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব বন্যপ্রাণী দিৱস উপলক্ষে গুজৰাটৰ জুনাগড় জিলাৰ ছাচনত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ, সেনাৰ মুৰববী, বন্যপ্রাণী ক্ষেত্ৰত কাম কৰি থকা বিভিন্ন ৰাজ্যৰ সদস্য, বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিকে আদিকে ধৰি ৪৭ গৰাকী সদস্যৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ গঠিত হৈছে। এই পৰিষদে প্রধানমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ বন্যপ্ৰাণী আৰু বনাঞ্চলৰ সংৰক্ষণ আৰু উন্নয়নৰ হকে কাম কৰি আহিছে। বৈঠকৰ পাছতে শ্রীমোদীয়ে ছাচনত কেইগৰাকীমান মহিলা বনকৰ্মীৰ ...